নীতিৰ যুক্তিযুক্ততা
আমি বুজি পাওঁ যে গ্ৰাফিক আৰু হিংসাত্মক চিত্ৰণৰ প্ৰতি লোকসকলৰ সংবেদনশীলতা ভিন্ন। ব্যৱহাৰকাৰীক তেনে সমলৰ পৰা সুৰক্ষতি কৰি ৰাখিবলৈ, আমি বেছিভাগ গ্ৰাফিক সমল আঁতৰাই পেলাওঁ আৰু অন্য ধৰণৰ সমলত সতৰ্কবাণীৰ লেবেল যোগ কৰোঁ, যাতে লোকসকলে ক্লিক কৰাৰ আগতে সচেতন হয় যে এয়া স্পৰ্শকাতৰ হ'ব পাৰে। আমি কম বয়সীয়া ব্যৱহাৰকাৰীসকলৰ বাবে এনে সমল চোৱাৰ ক্ষমতাক বাধা দিওঁ যিবোৰ তেওঁলোকৰ বাবে উপযুক্ত বা বয়সৰ অনুকূল নহ’বও পাৰে। তেনে কৰি আমি ব্যৱহাৰকাৰীসকলক উপযুক্ত অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো, একে সময়তে আমাৰ ব্যৱহাৰকাৰীসকলক নিজকে প্ৰকাশ কৰিবলৈ স্থান প্ৰদান কৰি যাম।
আমি স্বীকাৰ কৰোঁ যে ব্যৱহাৰকাৰীসকলে মানৱ অধিকাৰ উলংঘন বা সশস্ত্ৰ সংঘাতৰ দৰে কাৰ্যৰ ওপৰত মনোনিৱেশ কৰিবলৈ বা সেয়া নিন্দা কৰিবলৈ সমল ভাগ-বতৰা কৰিব পাৰে। আমাৰ নীতিসমূহে এই প্ৰসংগত কেতিয়া সমল ভাগ-বতৰা কৰা হয় সেই বিষয়ে বিবেচনা কৰে আৰু সেই অনুসৰি আলোচনা আৰু সজাগতা বৃদ্ধিৰ বাবে ঠাই দিয়ে।
ধন পৰিশোধ কৰা বিজ্ঞাপনৰ বাবে, আমি অতিৰিক্ত সুৰক্ষা প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে, স্পৰ্শকাতৰ বুলি বিবেচনা কৰা সমল বিজ্ঞাপনত চলোৱাৰ বাবে যোগ্য নহয়। আমি লগতে বিজ্ঞাপনত এনেকুৱা ছবি আৰু ভিডিঅ' অন্তৰ্ভুক্ত কৰাটো নিষিদ্ধ কৰোঁ যিবোৰ আচৰিত, ভয়ংকৰ বা চাঞ্চল্যকৰ। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমাৰ বিজ্ঞাপনৰ মান্যতাসমূহ আলোচনা কৰক।
এয়া প’ষ্ট নকৰিব:
মানুহৰ ছবি
চিকিৎসাৰ সৈতে জড়িত নোহোৱা প্ৰসংগত জীৱিত বা মৃত লোকৰ ভিডিঅ’, য’ত এয়া চিত্ৰিত কৰা হয়:
অংগচ্ছেদ।
জীৱিত বা মৃত ব্যক্তিৰ দৃশ্যমান অংগ, হাড় বা পেশীৰ কলা, যেনে- উন্মুক্ত অভ্যন্তৰীণ গঠন;
জ্বলি থকা বা জ্বলি এঙাৰ হোৱা ব্যক্তি; বা
ডিঙি কাটি দিয়া।
মৃত্যুদণ্ড দিয়াৰ লাইভ ষ্ট্ৰীম।
বেদনাদায়ক মন্তব্য
বেদনাদায়ক মন্তব্যবোৰ হৈছে লোক বা জীৱ-জন্তুৰ দুখ বা অপমান দেখি আনন্দ বা সুখ প্ৰকাশ কৰা কেপশ্বন বা মন্তব্যৰ দৰে টিপ্পনী।
আমি এয়া আঁতৰ কৰোঁ
এই নীতি অনুসৰি, অন্যথা সমলটো স্পৰ্শকাতৰ কৰিব পৰা হ’ব পাৰে বুলি লোকক জানিবলৈ দিয়া সকীয়নি স্ক্ৰীণ লাভ কৰিব পৰা ছবিৰ (ভিডিঅ’ আৰু স্থিৰ ছবি উভয়ৰে) প্ৰতি কৰা বেদনাদায়ক মন্তব্য, যদিহে চিত্ৰকল্পত আত্মৰক্ষাৰ বাবে কৰা কাৰ্য চিত্ৰিত কৰা নহয় (যেনে- অস্ত্ৰধাৰী ডকাইতিৰ পৰা কোনোবাই নিজকে ৰক্ষা কৰা ভিডিঅ') বা সেয়া চিকিৎসাৰ প্ৰসংগত (যেনে- চিকিৎসাৰ সৈতে জড়িত কোনো পেছাদাৰীয়ে অস্ত্ৰোপচাৰ কৰা ছবি) সংঘটিত হোৱা দেখুওৱা হয়।
ছবিত দেখুওৱা জীৱ-জন্তুৰ যন্ত্ৰণা আৰু মুমূৰ্ষু জীৱ-জন্তুক চিত্ৰিত কৰা ছবিৰ প্ৰতি আগবঢ়োৱা স্পষ্ট বেদনাদায়ক মন্তব্য।
এই নীতিৰ অধীনত বিলোপ কৰা বা সকীয়নি স্ক্ৰীণ লাভ কৰা বেদনাদায়ক মন্তব্য থকা ছবি আগবঢ়োৱা বা অনুৰোধ কৰা।
নিম্নোল্লিখিত সমলৰ বাবে আমি এখন সকীয়নি স্ক্ৰীণ অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো স্পৰ্শকাতৰ হ’ব পাৰে। আমি সমলটো কেৱল 18 বছৰ আৰু তাতকৈ বেছি বয়সৰ প্ৰাপ্তবয়স্ক লোকে চাব পৰাকৈ সীমিত কৰোঁ:
মানুহৰ ছবি
চিকিৎসাৰ সৈতে জড়িত প্ৰসংগত জীৱিত বা মৃত লোকৰ ভিডিঅ’, য’ত এয়া চিত্ৰিত কৰা হয়:
অংগচ্ছেদ।
জীৱিত বা মৃত ব্যক্তিৰ দৃশ্যমান অংগ, হাড় বা পেশীৰ কলা, যেনে- উন্মুক্ত অভ্যন্তৰীণ গঠন;
জ্বলি থকা বা জ্বলি এঙাৰ হোৱা ব্যক্তি, য’ত শৱ দাহ কৰা প্ৰসংগত এনে হোৱাও অন্তৰ্ভুক্ত; বা
ডিঙি কাটি দিয়া।
জীৱিত বা মৃত ব্যক্তিৰ স্থিৰ চিত্ৰ, য’ত এয়া দেখুওৱা হয়:
অংগচ্ছেদ।
জীৱিত বা মৃত ব্যক্তিৰ দৃশ্যমান অংগ, হাড় বা পেশীৰ কলা, যেনে- উন্মুক্ত অভ্যন্তৰীণ গঠন;
জ্বলি থকা বা জ্বলি এঙাৰ হোৱা ব্যক্তি; বা
ডিঙি কাটি দিয়া।
কোনো ব্যক্তিৰ হিংসাত্মক মৃত্যু (তেওঁলোকৰ মৃত্যুৰ মুহূৰ্ত বা তাৰ পিছৰ পৰিণতিকে ধৰি) অথবা কোনো ব্যক্তিৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা কোনো পৰিঘটনাৰ সন্মুখীন হোৱা (যেনে গাড়ীয়ে খুন্দা মৰা, বহু উচ্চতাৰ পৰা পৰি যোৱা বা অন্যান্য সম্ভাব্য-মাৰাত্মক শাৰীৰিক আঘাতৰ সন্মুখীন হোৱা) চিত্ৰিত কৰা ছবি (ভিডিঅ’ আৰু স্থিৰ চিত্ৰকে ধৰি)।
কোনো ব্যক্তিক মৃত্যুদণ্ড দিয়া দেখুওৱা ছবি (লাইভ ষ্ট্ৰীম বাদ দি)।
কোনো ব্যক্তি বা লোকৰ গোটৰ বিৰুদ্ধে কৰা বৰ্বৰ কাৰ্য (যেনে- হিংসাত্মক কাৰ্য বা বলপূৰ্বকভাৱে সংযত কৰা ব্যক্তিক মাৰাত্মক ভাবুকি দিয়া) দেখুওৱা ছবি;
চিকিৎসাৰ সৈতে জড়িত নোহোৱা অচিনাক্ত বস্তু (যেনে- ছুৰী, গজাল বা অন্য ধাতুৰ বস্তু) কোনো ব্যক্তিৰ ছালত সুমুৱাই দিয়া দেখুওৱা ছবি।
কোনো ব্যক্তিৰ ভগা, তেজ ওলাই থকা দাঁত, তেজ দেখা পাই থকা উভালি পেলোৱা দাঁত, বা দাঁত বা দাঁতৰ আলুত অচিনাক্ত বস্তু সুমুৱাই দিয়া দেখুওৱা ছবি।
গৰ্ভৰ বাহিৰৰ ভ্ৰুণ আৰু মৃত কেঁচুৱা দেখুওৱা ছবি, যদিহে ছবিখনত আন কোনো ব্যক্তি উপস্থিত নাথাকে।
জন্তুৰ ছবি
জীৱিত বা মৃত জীৱ-জন্তুৰ যিকোনো ছবি, য’ত অংগচ্ছেদ, দৃশ্যমান অভ্যন্তৰীণ অংগ, জ্বলি থকা বা জ্বলি এঙাৰ হৈ থকা বা জীৱন্তে সিজাই থকা দেখুওৱা হয়।
জীৱিত অৱস্থাৰ পৰা মৃত হৈ থকা জীৱ-জন্তুৰ ছবি।
মানুহে জীৱিত জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰ কাৰ্য সংঘটিত কৰাৰ ছবি (যেনেঃ গোৰ মৰা, ডুবাই দিয়া বা পাখি ছিঙি পেলোৱা)।
নিম্নোল্লিখিত সমলৰ বাবে, আমি ইয়াক চোৱাৰ ক্ষমতা 18 বছৰ আৰু তাতকৈ অধিক বয়সৰ ব্যৱহাৰকাৰীসকলৰ বাবে সীমিত কৰোঁ:
মানুহৰ ছবি
হিংসাত্মক ঘটনাত ঘটা মৃত্যুৰ কোনো দৃশ্যমান লক্ষণ নাথাকিলেও আংশিকভাৱে বা সম্পূৰ্ণৰূপে অনাবৃত মৃত লোকক দেখুওৱা ছবি।
গৰ্ভৰ বাহিৰৰ ভ্ৰুণ আৰু মৃত কেঁচুৱা দেখুওৱা ছবি, যেতিয়া ছবিখনত আন কোনো ব্যক্তি উপস্থিত নাথাকে।
টিকাকৰণ, আকুপাংচাৰ বা শুকান বেজী, টেটু কৰা বা বিন্ধাৰ প্ৰসংগৰে কোনো ব্যক্তিৰ ছালৰ বাহিৰত বেজীৰে বিন্ধি থকা দেখুওৱা ছবি।
চিকিৎসা প্ৰসংগত আঘাতপ্ৰাপ্ত লোকসকলক চিত্ৰিত কৰা ছবি, যেতিয়া তেওঁলোক বিষ বা বেদনাত ভুগি থকা যেন লাগে, আঘাতপ্ৰাপ্ত হয় বা তেওঁলোকৰ মুখ/বা হাতত চিকিৎসাৰ টিউবিং থকা যেন লাগে।
মানুহৰ আৱৰ্জনা আৰু শৰীৰৰ তৰল পদাৰ্থ (যেনে- মল, প্ৰস্ৰাৱ, বমি, কণামাকৰি, শ্লেষ্মা, ছাল নিষ্কাশনৰ পৰা উপজাত দ্ৰব্য বা তেজ) দেখুওৱা ছবি।
জ্বলি থকা বা বিস্ফোৰণ ঘটি থকা বাহন দেখুওৱা বা দ্ৰুতবেগী বাহনে অন্য বস্তুত খুন্দা মৰাৰ মুহূৰ্ত বা তাৰ পাছৰ পৰিণতি দেখুওৱা এনে ছবি, য'ত বাহনখন নিজ পথৰ পৰা চিটিকি গৈছে আৰু/বা চালক বা যাত্ৰীবাহী ডবাবোৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।
জন্তুৰ ছবি
জীৱিত বা মৃত জীৱ-জন্তুৰ ছবি, য’ত তেজ দেখা পোৱা হৈ থাকে।
পোৱালি জন্ম দি থকা প্ৰসংগত দেখুওৱা জীৱ-জন্তু (যেনে- তেজ বা দেহৰ অভ্যন্তৰৰ অংশ দেখা হৈ থকা)।
জীৱিত বা মৃত জীৱ-জন্তু দেখুওৱা ছবি য’ত সিহঁতৰ দেহৰ পৰা পোক-পৰুৱা (যেনেঃ পলু বা কৃমি) ওলাই অহা দেখা যায়।
আঘাতপ্ৰাপ্ত জীৱ-জন্তুৱে কষ্ট ভুগি থকা দেখুওৱা ছবি।
কল্পিত ছবি
এইসমূহ প্ৰসংগত কল্পিত লোকক দেখুওৱা ছবি:
অংগ বিভাজন;
দৃশ্যমান অভ্যন্তৰীণ অংশ, যেনে- উন্মুক্ত অংগ, হাড় বা পেশীৰ কলা;
জ্বলি থকা বা জ্বলি এঙাৰ হোৱা ব্যক্তি;
শিৰচ্ছেদ কৰা; বা
হিংসাত্মক মৃত্যু বা জীৱনৰ প্ৰতি ভাবুকি অনা কাৰ্যক্ৰম।
নিম্নোক্ত প্ৰসংগসমূহত কল্পিত লোকক দেখুওৱা ছবি যিবোৰ ফটোৰিয়েলেষ্টিক (য’ত ছবিখন কোনো প্ৰকৃত ব্যক্তিৰ ফটোগ্ৰাফ বা ভিডিঅ’ যেন দেখি বা ছবিখন তাৰ সৈতে ঘনিষ্ঠভাৱে মিলে):
চিকিৎসাৰ সৈতে জড়িত নোহোৱা অচিনাক্ত বস্তু (যেনে- ছুৰী, গজাল বা অন্য ধাতুৰ বস্তু) ছালত সুমুৱাই দিয়ে;
মানুহৰ আৱৰ্জনা বা শৰীৰৰ তৰল পদাৰ্থ (যেনে- মল, প্ৰস্ৰাৱ, বমি, কণামাকৰি, শ্লেষ্মা বা ছাল নিষ্কাশনৰ পৰা উপজাত দ্ৰব্য), তেজক বাদ দি;
গৰ্ভৰ বাহিৰত থকা মৃত কেঁচুৱা বা ভ্ৰূণ;
এইসমূহ প্ৰসংগত কাল্পনিক, কিন্তু ফটোত সঁচা যেন দেখা জীৱ-জন্তুক দেখুওৱা ছবি:
অংগ বিভাজন;
দৃশ্যমান অভ্যন্তৰীণ অংশ, যেনে- উন্মুক্ত অংগ, হাড় বা পেশীৰ কলা;
জ্বলি থকা বা জ্বলি এঙাৰ হোৱা জীৱ-জন্তু;
জীৱন্তে সিজাই থকা জীৱ-জন্তু;
তেজ দেখা হৈ থকা;
জীৱিত অৱস্থাৰ পৰা মৃত হৈ থকা জীৱ-জন্তু;
মানুহে জীৱিত জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰ কাৰ্য সংঘটিত কৰা (যেনেঃ গোৰ মৰা, ডুবাই দিয়া বা পাখি ছিঙি পেলোৱা);
আঘাতপ্ৰাপ্ত জীৱ-জন্তুৱে ভোগা কষ্ট
জীৱ-জন্তুৰ ভিতৰৰ পৰা ওলাই অহা পোক-পৰুৱা (যেনঃ পলু বা কৃমি)।
নিম্নোল্লিখিত সামূহিক মান্যতাসমূহৰ বাবে আমাক এয়া বলৱৎ কৰিবলৈ অতিৰিক্ত তথ্য আৰু/বা প্ৰসংগৰ প্ৰয়োজন:
আমি এইসমূহৰ অনুমতি নিদিওঁ:
কোনো ব্যক্তিৰ হিংসাত্মক মৃত্যুৰ ছবি বা অডিঅ’, যেতিয়া ব্যক্তিগৰাকীৰ মৃত্যু আইন বলৱৎকৰণৰ ৰেকৰ্ড, মৃত্যুৰ প্ৰমাণপত্ৰ, বিশ্বাসী অংশীদাৰৰ ৰিপ’ৰ্ট বা মিডিয়া ৰিপ’ৰ্টৰ দ্বাৰা নিশ্চিত কৰা হয় আৰু মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ কোনো সদস্যই সেয়া আঁতৰাবলৈ অনুৰোধ কৰে।
প্ৰতিবাদী কাৰ্য হিচাপে আত্মবলিদান দিয়া প্ৰসংগত মানুহ জ্বলি এঙাৰ হোৱা বা জ্বলি থকা দেখুওৱা ভিডিঅ’।
আমি এইসমূহৰ অনুমতি দিব পাৰোঁ:
কোনো ব্যক্তিৰ হিংসাত্মক মৃত্যু বা জীৱনলৈ ভাবুকি কঢ়িয়াই অনা পৰিঘটনাৰ ছবি যেতিয়া চিত্ৰণটো আকস্মিক হয়