সমন্বিত আঘাত আৰু অপৰাধ প্ৰচাৰ কৰা

নীতিৰ সবিশেষ

সালসলনিৰ সাৰণি
নীতিৰ যুক্তিযুক্ততা
শাৰীৰিক আঘাত আৰু নকল আচৰণ প্ৰতিৰোধ আৰু ব্যাহত কৰাৰ এক প্ৰচেষ্টাত, আমি লোকসকলক মানুহ, ব্যৱসায়, সম্পত্তি বা জন্তুৰ প্ৰতি লক্ষ্য কৰি কিছুমান অপৰাধমূলক বা ক্ষতিকাৰক কাৰ্যকলাপ সহজ কৰা, সংগঠিত কৰা, প্ৰচাৰ কৰা বা স্বীকাৰ কৰাত বাধা দিওঁ। আমি লোকসকলক অপৰাধী আৰু ক্ষতিকাৰক কাৰ্যকলাপৰ বৈধতাৰ বাবে বিতৰ্ক আৰু ওকালতি কৰিবলৈ অনুমতি দিওঁ আৰু লগতে তেওঁলোকে সন্মুখীন হ’ব পৰা বা অভিজ্ঞতা লাভ কৰিব পৰা ক্ষতিকাৰক বা অপৰাধমূলক কাৰ্যকলাপৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰোঁ যদিহে তেওঁলোকে তাৰ বাবে ওকালতি বা মধ্যস্থতা নকৰে।
আমি এয়া আঁতৰ কৰোঁ:
মানুহক ক্ষতি কৰা
  • আউটিং: এয়া হোৱাৰ অভিযুক্ত কোনো লোকৰ পৰিচয় বা তেওঁৰ সৈতে সংযুক্ত অৱস্থান ফাদিল কৰা:
    • কোনো আউটিং-ৰিস্ক গ্ৰুপৰ সদস্য হোৱা; আৰু/বা
    • কোনো আউটিং-ৰিস্ক গ্ৰুপৰ সদস্যৰ সৈতে পাৰিবাৰিক আৰু/বা ৰোমাণ্টিক সম্পৰ্ক ভাগ-বতৰা কৰা; আৰু/বা
    • আউটিং-ৰিস্ক গ্ৰুপৰ সমৰ্থনত পেছাদাৰী কাৰ্যকলাপ সম্পন্ন কৰা (ৰাজনৈতিক ব্যক্তিক বাদ দি)
  • আইন বলৱৎকৰণ, মিলিটাৰী বা নিৰাপত্তা বিষয়াৰ আণ্ডাৰক’ভাৰ স্থিতিৰ আউটিং যদিহে সমলটোত এজেণ্টৰ নাম, তেওঁৰ মুখ বা বেজ আৰু তলৰ যিকোনো এটা থাকে:
    • এজেণ্টগৰাকীৰ আইন বলৱৎকৰণ সংস্থা
    • এজেণ্টগৰাকীৰ আইন বলৱৎকৰণ কাৰ্য
    • তেওঁৰ আণ্ডাৰক’ভাৰ স্থিতিৰ স্পষ্ট উল্লেখ
  • সমন্বয় কৰা, ভাবুকি দিয়া, সমৰ্থন আগবঢ়োৱা বা সজাগতা বৃদ্ধি কৰা বা নিন্দা কৰাৰ প্ৰসংগৰ বাহিৰে আন কাৰণত জোৰদাৰ প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰা, কাল্পনিক বা মঞ্চস্থ পৰিৱেশ বা মুক্তি।
  • সজাগতা বৃদ্ধি কৰা বা নিন্দা কৰাৰ প্ৰসংগৰ বাহিৰে উচ্চ-বিপদাশংকাৰ ভাইৰেল প্ৰত্যাহ্বানত অংশগ্ৰহণৰ বাবে চিত্ৰিত কৰা, প্ৰৰোচিত কৰা, ওকালতি কৰা বা উৎসাহিত কৰা। য’ত এই প্ৰসংগসমূহত চিত্ৰাৱলীৰ বৰ্ণনা আগবঢ়োৱা হয়, আমি এখন লেবেল অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো সংবেদনশীল হ’ব পাৰে:
জীৱ-জন্তুৰ ক্ষতি কৰা
  • এইকেইটা পৰিস্থিতিৰ বাহিৰে, জীৱ-জন্তুৰ বিৰুদ্ধে শাৰীৰিক আঘাত কৰা কাৰ্যত সহায় কৰা, তেনে কৰাৰ ভাবুকি দিয়া, তাত সমৰ্থন আগবঢ়োৱা বা সেয়া কৰা বুলি স্বীকাৰ কৰা (লিখিত, দৃশ্যমান বা কথিত ধৰণে):
    • সজাগতা-বৃদ্ধি বা নিন্দা
    • দায়মোচন
    • নিজৰ, আন মানুহ বা আন জীৱ-জন্তুৰ উত্তৰজীৱিতা বা প্ৰতিৰক্ষা
    • কাল্পনিক বা মঞ্চস্থ পৰিৱেশ, যদিহে সেইটোৱে মঞ্চস্থ জীৱ-জন্তুৰ যুঁজ বা মিছা জীৱ-জন্তুৰ উদ্ধাৰ নহয়
    • চিকাৰ কৰা বা মাছ মৰা
    • ধৰ্মীয় বলিদান
    • খাদ্য প্ৰস্তুত বা প্ৰক্ৰিয়াকৰণ
    • কীট-পতংগ বা পোক
    • চিকিৎসা নথকা আৰু বহুত কষ্ট দিয়া বেমাৰ হোৱাৰ লোকৰ হত্যা
    • ম’হৰ যুঁজ
  • সমন্বয় কৰা, ভাবুকি দিয়া, সমৰ্থন কৰা, বনৰীয়া জন্তুৰ মাজত হোৱা যুঁজ চিত্ৰিত কৰা বা স্বীকাৰ কৰা বা সজাগতা বৃদ্ধি বা নিন্দা বা মুক্তিৰ প্ৰসংগৰ বাহিৰে ভুৱা পশু উদ্ধাৰৰ ভিডিঅ’ৰ চিত্ৰকল্প চিত্ৰিত কৰা।
সম্পত্তিৰ ক্ষতি কৰা
  • এইকেইটা প্ৰসংগৰ বাহিৰে, ধ্বংসকামিতা বা চুৰিকাৰ্যৰ ক্ষেত্ৰত সহায় কৰা, তেনে কৰাৰ ভাবুকি দিয়া, তাত সমৰ্থন আগবঢ়োৱা বা সেয়া কৰা বুলি স্বীকাৰ কৰা (লিখিত, দৃশ্যমান বা কথিত ধৰণে)
    • সজাগতা-বৃদ্ধি বা নিন্দা,
    • দায়মোচন,
    • কাল্পনিক বা মঞ্চস্থ ছেটিংছ,
    • নিজক বা আন মানুহক ৰক্ষা কৰাৰ প্ৰসংগত স্বীকাৰ কৰা
    • প্ৰতিবাদৰ প্ৰসংগত ধ্বংসকামিতা দেখুওৱা,
    • গ্ৰাফিটিৰ চিত্ৰায়ন, বা
    • ধ্বংসকামিতা আৰু অন্য লোকে সংঘটিত কৰা চুৰিকাৰ্যৰ বিষয়ে ধনাত্মকাভাৱে কোৱা।
ভোটাৰ আৰু/অথবা লোকপিয়লৰ জালিয়াতি
  • নগদ ধন, উপহাৰ, সেৱা বা অন্য বস্তুগত সামগ্ৰীৰ বিনিময়ত ভোট ক্ৰয় বা বিক্ৰী কৰাৰ প্ৰস্তাৱ, যদিহে সেয়া নিন্দা কৰা, সজাগতা বৃদ্ধি কৰা, বাতৰি পৰিৱেশন কৰা বা হাস্যৰস দিয়া বা ব্যংগ কৰা প্ৰসংগত সহভাগ কৰা নহয়।
  • নিন্দা কৰিবৰ বাবে, সজাগতা বৃদ্ধি কৰিবৰ বাবে, বাতৰিৰ প্ৰতিবেদনত বা হাস্যৰস নাইবা ব্যংগৰ উদ্দেশ্যে ভাগ-বতৰা কৰাৰ বাহিৰে অন্য ক্ষেত্রত ভোটদানত (উদাহৰণস্বৰূপে, দুবাৰ ভোট দিয়া বা আপোনাৰ ভোটদানৰ ভুৱা যোগ্যতা প্রদৰ্শন কৰা) বা লোকপিয়ল প্ৰক্ৰিয়াত (উদাহৰণস্বৰূপে, ভুল জনগাঁথনিগত দেখুওৱা তথ্য বা আপোনাৰ ঘৰত থকা লোকৰ সংখ্যা ভুলকৈ দেখুওৱা) অবৈধভাৱে অংশগ্ৰহণ কৰাৰ পোষকতা কৰা বা তেনে কৰাৰ নিৰ্দেশনা দিয়া বা তেনে উদ্দেশ্য স্পষ্টভাৱে প্ৰদৰ্শন কৰা।
নিম্নোল্লিখিত সমলৰ বাবে, আমি এটা লেবেল অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো স্পৰ্শকাতৰ হ’ব পাৰে:
  • উচ্চ-বিপদাশংকা থকা ভাইৰেল প্ৰত্যাহ্বান দেখুওৱা ছবি যদিহে সেইখন সম্পৰ্কিত বিপদাশংকাৰ নিন্দা কৰা বা সেই বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে সহভাগ কৰা হয়।
নিম্নোল্লিখিত সমলটোৰ বাবে আমি সমলটো 18 বছৰ আৰু তাতকৈ বেছি বয়সৰ প্ৰাপ্তবয়স্ক লোকে চাব পৰাকৈ সীমিত কৰোঁ:
  • বাহন চলোৱাৰ এনে বিপজ্জনক উপায়ক দৰ্শোৱা ছবি বা ভিডিঅ', য'ত চালক বা অন্য লোকে জীৱন বিপদাপন্ন হোৱা আঘাত পাব পাৰে বা তেওঁৰ মৃত্যু হ'ব পাৰে; যদিহে সেয়া কাল্পনিক বা পেছাদাৰী ছেটিঙত ভাগ-বতৰা কৰা নহয়।
নিম্নোল্লিখিত সামূহিক মান্যতাসমূহৰ বাবে আমাক এয়া বলৱৎ কৰিবলৈ অতিৰিক্ত তথ্য আৰু/বা প্ৰসংগৰ প্ৰয়োজন:
আমি এয়া আঁতৰ কৰোঁ:
  • আউটিং: কোনো লোকৰ পৰিচয় ফাদিল কৰা আৰু তেওঁলোকৰ ক্ষতিৰ বিপদাশংকা সৃষ্টি কৰা:
    • LGBTQIA+ৰ সদস্য
    • অনাবৃত্ত মহিলা
    • যৌন চিকাৰীৰ ষ্টিং অপাৰেশ্বনৰ ক্ষেত্ৰত দোষী নোহোৱা লোকক দোষী সাব্যস্ত কৰা
    • আইনী গোচৰৰ সৈতে জড়িত ব্যক্তি, যেতিয়া তেওঁলোক জড়িত হোৱাৰ বিষয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ দিয়া নহয়
    • সাক্ষী, তথ্যদাতা , কৰ্মী, বন্দী ব্যক্তি বা পণবন্দী লোক
    • দল সলনি কৰা থকা লোক, যেতিয়া সেই বিষয়ে বিশ্বাসযোগ্য চৰকাৰী চেনেলৰ দ্বাৰা ৰিপ’ৰ্ট কৰা হয়
    • যুদ্ধবন্দী, সশস্ত্ৰ সংঘাতৰ প্ৰসংগত
  • এনে ছবি যি জনসাধাৰণক ইয়াৰ উৎপত্তিৰ বিষয়ে প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে, যদিহে:
    • চিত্ৰায়ন কৰা সংস্থাটোৱ বা কোনো কৰ্তৃত্বশীল প্ৰতিনিধিয়ে ছবিখনৰ সম্পৰ্কে আপত্তি দৰ্শায়, আৰু
    • ছবিখনে জনসাধাৰণৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে।
  • অভিপ্ৰায়ৰ বিবৃতি, পদক্ষেপ আহ্বান বা ইয়াৰ কোনোটোৰ বাবে উৎসাহ দিয়া:
    • জৰুৰীকালীন বাহনসমূহ অৱৰুদ্ধ কৰা হৈছে বুলি নিশ্চিত কৰা হ’লে বা ৰাজহুৱাভাৱে উপলব্ধ নিশ্চিত তথ্য থাকিলে অত্যাৱশ্যকীয় সেৱাসমূহৰ এক্সেছ বন্ধ কৰা, বা
    • কোনো ব্যক্তিবিশেষ বা লোকৰ নিৰ্দিষ্ট গোটৰ অত্যাৱশ্যকীয় সেৱাৰ এক্সেছ অৱৰুদ্ধ কৰি বা তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব পৰাকৈ বাধাহীন পথ অৱৰুদ্ধ কৰি তেওঁলোকক লক্ষ্য কৰি লোৱা
  • ভোটাৰ অথবা লোকপিয়লত হস্তক্ষেপ, য’ত এয়া অন্তৰ্ভুক্ত:
    • সমন্বিত হস্তক্ষেপৰ আহ্বান যি কোনো ব্যক্তিৰ চৰকাৰী নিৰ্বাচন বা লোকপিয়লত অংশগ্ৰহণ কৰাৰ সামৰ্থ্যত প্ৰভাৱ পেলাব।
    • ভোটদান বা লোকপিয়লত অংশগ্ৰহণ কৰাৰ পৰিণামস্বৰূপে আইন বলৱৎকৰণ কৰা হ’ব পাৰে বা হ’ব বুলি কৰা দাবী (উদাহৰণস্বৰূপে, গ্ৰেপ্তাৰ, স্থানান্তৰ বা কাৰাবাস)।
    • ভোটাৰ বা নিৰ্বাচনী বিষয়াৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ বা চাবলৈ নিৰ্বাচনী স্থানলৈ যোৱাৰ ভাবুকি, যদি সেয়া ভয় দেখুৱাৰ প্ৰসংগৰ সৈতে সংযুক্ত কৰা হয় (যেনে- “কোন ৰজা হয় তেওঁলোকক দেখুৱাই দিওঁ ব’লক!,”, “তেওঁলোকে যুদ্ধ বিচাৰে নেকি?) আমি তেওঁলোকৰ সৈতে যুদ্ধ কৰিম।”)।
    • নিৰ্বাচনৰ পাছৰ কাৰ্যকলাপ হোৱা স্থানলৈ যোৱাৰ ভাবুকি, যদি সেয়া ভয় দেখুৱাৰ প্ৰসংগৰ সৈতে সংযুক্ত কৰা হয় (যেনে- “কোন ৰজা হয় তেওঁলোকক দেখুৱাই দিওঁ ব’লক!,”, “তেওঁলোকে যুদ্ধ বিচাৰে নেকি?) আমি তেওঁলোকৰ সৈতে যুদ্ধ কৰিম।”)।
ব্যৱহাৰকাৰীৰ অভিজ্ঞতাসমূহ
Facebook-ত লোকসকলে বলৱৎকৰণ কেনে দেখে তাৰ কেইটামান উদাহৰণ চাওক, যেনে: আপুনি Facebook-ত থাকিব নালাগে বুলি ভবা কিবা সমলৰ অভিযোগ কৰিলে, আপুনি আমাৰ সামূহিক মান্যতাসমূহ উলংঘন কৰিছে বুলি ক’লে আৰু কিছুমান সমলৰ ওপৰত সকীয়নি স্ক্ৰীণ দেখিলে সেয়া কেনেকুৱা দেখি।
টোকা: আমি সদায় উন্নত কৰি আছোঁ, গতিকে আপুনি ইয়াত যি দেখা পায় সেয়া আমি বৰ্তমান যি ব্যৱহাৰ কৰি আছোঁ তাৰ তুলনাত অলপ পুৰণি হ’ব পাৰে।
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগকৰণ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগ দিয়াৰ পাছত কৰা যোগাযোগ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
টেকডাউনৰ অভিজ্ঞতা
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
সকীয়নি স্ক্ৰীণ
বলৱৎকৰণ
Facebook-ত আমাৰ সমগ্ৰ বিশ্বত সকলোৰে বাবে একেই নীতি আছে।
পুনৰীক্ষণ দল
15,000-তকৈও অধিক পৰ্যালোচকেৰে গঠিত আমাৰ গোলকীয় দলটোৱে Facebook-ত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় কাম কৰে।
ষ্টেকহ’ল্ডাৰৰ লিপ্ততা
বাহিৰৰ বিশেষজ্ঞ, শিক্ষাবিদ, এনজিঅ’ আৰু নীতি নিৰ্মাতাই Facebook-ৰ সামূহিক মান্যতাসমূহৰ বিষয়ে জনোৱাত সহায় কৰে।
সমন্বিত আঘাত আৰু অপৰাধ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সহায় লওক
Facebook-ত আমাৰ সামূহিক মান্যতাসমূহৰ বিৰুদ্ধে যোৱা কিবা এটা দেখিলে আপুনি কি কৰিব পাৰে জানি লওক।
আমাৰ সহায় কেন্দ্ৰ চাওক