শিশুৰ যৌন শোষণ, অপব্যৱহাৰ, আৰু নগ্নতা

নীতিৰ সবিশেষ

সালসলনিৰ সাৰণি
নীতিৰ যুক্তিযুক্ততা
আমি শিশুক যৌন শোষণ কৰা বা বিপদত পেলোৱা সমল অথবা কাৰ্যকলাপৰ অনুমতি নিদিওঁ। আমি শিশুৰ স্পষ্ট শোষণৰ বিষয়ে অৱগত হ’লে এই বিষয়ে আমি প্ৰযোজ্য আইন অনুসৰি National Center for Missing and Exploited Children (NCMEC)ত অভিযোগ দিওঁ। আমি জানো যে কেতিয়াবা মানুহে নিজৰ সন্তানৰ নগ্ন ছবি ভাল উদ্দেশ্যেৰে ভাগ-বতৰা কৰে, তথাপি আমি সাধাৰণতে আনৰ দ্বাৰা হ'বলগীয়া সম্ভাব্য অপব্যৱহাৰৰ কাৰণে আৰু আন লোকে ছবিসমূহ পুনৰ ব্যৱহাৰ বা অপব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তা পৰিহাৰ কৰাত সহায় কৰিবলৈ এই ছবিসমূহ আঁতৰাওঁ।
আমি লগতে Meta সুৰক্ষা পৰামৰ্শদাতা ব'ৰ্ডক অন্তৰ্ভুক্ত কৰি বাহ্যিক বিশেষজ্ঞসকলৰ সৈতেও কাম কৰোঁ, বিশেষভাৱে শিশুৰ সম্পৰ্কত অনলাইন সুৰক্ষাৰ সমস্যাসমূহৰ ক্ষেত্ৰত আমাৰ নীতিসমূহ আৰু বলৱৎকৰণৰ ওপৰত আলোচনা আৰু উন্নতি কৰিবলৈ। আমাৰ শিশুৰ শোষণৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি ব্যৱহাৰ কৰি থকা প্ৰযুক্তিৰ বিষয়ে অধিক জানক।
এয়া প’ষ্ট নকৰিব:
শিশুৰ যৌন শোষণ
শিশুৰ যৌন শোষণ কৰাৰ ভাবুকি দিয়া, বৰ্ণনা কৰা, প্ৰশংসা কৰা, সমৰ্থন কৰা, নিৰ্দেশনা দিয়া, উদ্দেশ্যৰ বিবৃতি দিয়া, অংশগ্ৰহণ স্বীকাৰ কৰা বা লিংক ভাগ-বতৰা কৰা সমল, কাৰ্যকলাপ বা ভাব-বিনিময় (য’ত প্ৰকৃত নাবালক, শিশু বা কেঁচুৱা বা মানুহ সদৃশ অবাস্তৱ চিত্ৰণ অন্তৰ্ভুক্ত, যেনে - শিল্পত, এআইৰ দ্বাৰা সৃষ্টি কৰা সমলত, কাল্পনিক চৰিত্ৰত, পুতলাত ‌ইত্যাদি)। ইয়াত অন্তৰ্ভুক্ত হয় কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নহয়:
  • যৌন সম্ভোগ
    • স্পষ্ট যৌন সম্ভোগ বা মুখেৰে কৰা যৌন সম্ভোগ, যাক মুখ বা যৌনাংগ সুমোৱা বুলি সংজ্ঞায়িত কৰা হয় অথবা য’ত অতি কমেও এজন ব্যক্তিৰ যৌনাংগ বা মলদ্বাৰ দেখা হৈ থকা অৱস্থাত আন এজন ব্যক্তিৰ যৌনাংগ বা মলদ্বাৰৰ সংস্পৰ্শলৈ আহে।
    • নিকট বা পোনপটীয়াকৈ দৃশ্যমান নোহোৱা সম্পৰ্ককে ধৰি অন্তৰ্নিহিত যৌন সম্ভোগ বা মুখেৰে কৰা যৌন সম্ভোগ।
    • নিকট বা পোনপটীয়াকৈ দৃশ্যমান নোহোৱা কাৰ্যকলাপকে ধৰি যৌনাংগ বা মলদ্বাৰৰ উদ্দীপনা।
    • ওপৰোক্ত কোনোটোৱে কোনো জন্তুক জড়িত কৰোৱা।
  • যৌন উপাদান থকা শিশু, য’ত এয়া অন্তৰ্ভুক্ত কিন্তু সেয়া তাতে সীমিত নহয:
    • সংযম
    • কামোত্তেজনাৰ ইংগিত
    • যৌনাংগ বা মলদ্বাৰৰ ওপৰত গুৰুত্ব
    • কামোত্তেজিত প্ৰাপ্তবয়স্কৰ উপস্থিতি
    • যৌন ক্ৰিয়াত ব্যৱহৃত পুতলাৰ উপস্থিতি বা যৌন উদ্দীপনা, সন্তুষ্টি বা যৌন অপব্যৱহাৰৰ বাবে যিকোনো বস্তুৰ ব্যৱহাৰ
    • কামুক ৰহণ থকা পোছাক
    • ষ্ট্ৰিপিং
    • মঞ্চস্থ পৰিৱেশ (উদাহৰণস্বৰূপে, এখন বিচনাত) বা পেছাদাৰীভাৱে চিত্ৰায়ন কৰা (গুণগত মান/ফ’কাছ/এংগল)
    • খোলা মুখৰ চুম্বন
    • মানৱ স্তনবৃন্তৰ উদ্দীপনা বা মহিলাৰ স্তনত হেঁচা দিয়া (স্তনপান কৰাই থকা প্ৰসংগৰ বাহিৰে)
    • যৌন কাৰ্যকলাপৰ উপ-সামগ্ৰীৰ উপস্থিতি
  • যৌন ফেটিছৰ প্ৰসংগত শিশু জড়িত হৈ থকা সমল
  • যদিহে স্বাস্থ্যৰ প্ৰসংগত নিৰপেক্ষভাৱে আলোচনা কৰা নহয়, পিড’ফিলিয়াত অংশগ্ৰহণ কৰাটোক সমৰ্থন, প্ৰচাৰ, ওকালতি বা উদ্গনি দিয়া সমল
  • শিশু যৌন শোষণৰ অভিযুক্ত ভুক্তভোগীসকলক নাম বা ছবিৰ দ্বাৰা চিনাক্ত অথবা উপহাস কৰা সমল
অনুৰোধ
শিশুক চিত্ৰিত বা জড়িত কৰা যৌন সমল অথবা কাৰ্যকলাপৰ অনুৰোধ কৰা সমল, এনেদৰে সংজ্ঞায়িত কৰা হৈছে:
  • শিশুৰ যৌন উৎপীড়নত ব্যৱহৃত সামগ্ৰী (চিএছএএম)
  • বাস্তৱ বা অবাস্তৱ শিশুৰ নগ্ন ছবি
  • বাস্তৱ বা অবাস্তৱ শিশুৰ যৌনতাপূৰ্ণ ছবি
শিশুৰ সৈতে অনুচিত বাৰ্তালাপ
শিশুৰ সৈতে অনুচিত বাৰ্তালাপ গঢ়ি তোলা বা সহজ কৰা সমল, যেনে:
  • শিশুৰ সৈতে যৌন মিলনৰ ব্যৱস্থা কৰা বা পৰিকল্পনা কৰাৰ অনুৰোধ কৰা
  • যৌন সম্পৰ্কীয় কথোপকথনৰ জৰিয়তে বা শিশুক বা শিশুৰ পৰা যৌন সামগ্ৰী আগবঢ়োৱা, প্ৰদৰ্শন কৰা, লাভ কৰা বা অনুৰোধ কৰা, উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰকাশৰ জৰিয়তে বা ব্যক্তিগত বাৰ্তাৰ জৰিয়তে শিশুসকলক যৌন কাৰ্যকলাপত লিপ্ত হ’বলৈ প্ৰলোভিত কৰা
  • শিশুৰ সৈতে ব্যক্তিগত বাৰ্তাত ইংগিতপূৰ্ণভাৱে যৌন কথা-বাৰ্তাত লিপ্ত হোৱা
  • ব্যক্তিগত বাৰ্তাত শিশুৰ পৰা যৌন সামগ্ৰী লাভ কৰা বা অনুৰোধ কৰা
শোষণমূলক অন্তৰংগ ছবি আৰু যৌন নিৰ্যাতন
বাস্তৱ শিশুক শোষণ কৰিবলৈ চেষ্টা কৰা সমল:
  • অন্তৰংগ ছবি বা তথ্য উন্মোচন কৰিবলৈ ভাবুকি প্ৰদান কৰি ধন দাবী কৰা, অনুগ্ৰহ কৰা, বা অন্তৰংগ ছবি দিবলৈ বাধ্য কৰা।
  • ব্যক্তিগত যৌন কথোপকথন বা বাস্তৱ বা অ-প্ৰকৃত অন্তৰংগ ছবি ভাগ-বতৰা কৰা, ভাবুকি দিয়া, বা উল্লেখ কৰা
শিশুক যৌনগন্ধী ৰূপত দেখুওৱা
  • বাস্তৱ বা অবাস্তৱ শিশুক যৌনগন্ধী কৰা সমল (ফটো, ভিডিঅ’, বাস্তৱ-জগতৰ কলা, ডিজিটেল সমল আৰু মৌখিক চিত্ৰণকে ধৰি)
  • বাস্তৱ বা অবাস্তৱ শিশুক যৌনগন্ধী ৰূপত দেখুৱাবলৈ নিবেদন কৰা গোট, পৃষ্ঠা আৰু প্ৰ’ফাইল
শিশুৰ নগ্নতা
বাস্তৱ বা অবাস্তৱ শিশুৰ নগ্নতা দেখুওৱা সমল য’ত নগ্নতাক এনেদৰে সংজ্ঞায়িত কৰা হয়:
  • বাস্তৱ বা অবাস্তৱ শিশুৰ যৌনাংগৰ ক্ল’জ-আপ
  • বাস্তৱ বা অবাস্তৱ নগ্ন শিশু, য’ত এয়া দেখুওৱা হয়:
    • দৃশ্যমান যৌনাংগ, আনকি স্বচ্ছ কাপোৰেৰে ঢাকি বা অস্পষ্ট কৰি ৰাখিলেও
    • দৃশ্যমান মলদ্বাৰ আৰু/বা নিতম্বৰ সম্পূৰ্ণ নগ্ন ক্ল’জ-আপ
  • বাস্তৱ বা অবাস্তৱ নগ্ন নাবালক, য’ত এয়া দেখুওৱা হয়:
    • দৃশ্যমান যৌনাংগ (কেৱল গুপ্তকেশ বা স্বচ্ছ কাপোৰৰ দ্বাৰা অস্পষ্ট হৈ থকা যৌনাংগকে ধৰি)
    • দৃশ্যমান মলদ্বাৰ আৰু/বা নিতম্বৰ সম্পূৰ্ণ নগ্ন ক্ল’জ-আপ
    • অনাবৃত মহিলাৰ স্তনবৃন্ত
    • ডিঙিৰ পৰা আঁঠুলৈ কোনো কাপোৰ নথকা - আনকি কোনো যৌনাংগ বা মহিলাৰ স্তনবৃন্ত দেখা পোৱা অৱস্থাত নাথাকিলেও
  • যদিহে অবাস্তৱ ছবি স্বাস্থ্যৰ উদ্দেশ্যে নহয় বা ৰিয়েল ৱৰ্ড আৰ্টত শিশুৰ নগ্নতাৰ অ-যৌনগন্ধী চিত্ৰণ নহয়
যৌনতাবিহীন শিশু নিৰ্যাতন
ভাগ-বতৰা কৰাৰ উদ্দেশ্য নিৰ্বিশেষে বাস্তৱ বা অবাস্তৱ যৌনতাবিহীন শিশু নিৰ্যাতনক চিত্ৰিত কৰা ভিডিঅ’ বা ফটো, যদিহে সেই চিত্ৰাৱলী বাস্তৱ জগতৰ শিল্প, কাৰ্টুন, চলচ্চিত্ৰ বা ভিডিঅ’ গেমৰ নহয়
যৌনতাবিহীন শিশু নিৰ্যাতনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰা, সমৰ্থন কৰা, প্ৰচাৰ কৰা, ওকালতি কৰা, নিৰ্দেশনা দিয়া বা উদগনি দিয়া সমল
আমাৰ শিশুৰ যৌন শোষণ, অপব্যৱহাৰ আৰু নগ্নতা (CSEAN) নীতিসমূহ উলংঘন কৰা একাউণ্টসমূহ আঁতৰোৱাৰ উপৰিও, আমাৰ পৰ্যালোচক আৰু স্বয়ংক্ৰিয় ব্যৱস্থাসমূহে সম্ভাৱ্য অবাঞ্চিত বা অসুৰক্ষিত পাৰস্পৰিক ক্ৰিয়া-কলাপ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ সংকেতৰ এক বহল বৰ্ণালী বিবেচনা কৰে।
  • আমি প্ৰাপ্তবয়স্কসকলে অন্য একাউণ্টৰ সৈতে কৰা ভাব-বিনিময়, উলংঘনকাৰী সমল সন্ধান কৰা (যেনেঃ লাইক কৰা বা সংৰক্ষণ কৰা) বা ভাব-বিনিময় কৰা অথবা আমাৰ নীতিসমূহ উলংঘন কৰাৰ বাবে আমি আঁতৰোৱা সমুদায়সমূহ (যেনেঃ গোটসমূহ)ৰ সদস্যতাৰ ওপৰত ভিত্তি কৰি একাউণ্টসমূহ অক্ষম কৰিব বা সামগ্ৰী আৰু বৈশিষ্ট্যসমূহত (যেনেঃ নিৰ্দিষ্ট একাউণ্টসমূহ অনুসৰণ কৰিবলৈ থকা সক্ষমতা) এক্সেছ সীমিত কৰিব পাৰোঁ।
নিম্নোল্লিখিত সমলৰ বাবে আমি এখন সতৰ্কবাৰ্তাৰ স্ক্ৰীন অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো উদ্বেগজনক হ’ব পাৰে আৰু তেওঁলোকে সমলটো ওঠৰ বছৰ আৰু তাতকৈ বেছি বয়সৰ প্ৰাপ্তবয়স্ক লোকে চোৱাৰ কাৰণে সীমিত কৰিব পাৰে:
  • আৰক্ষী বিষয়া বা সামৰিক কৰ্মীয়ে যৌনতাবিহীন শিশু নিৰ্যাতন কৰা দেখুওৱা ভিডিঅ’ অথবা ফটো
  • যৌনতাবিহীন শিশু নিৰ্যাতনৰ ভিডিঅ’ বা ফটো, যেতিয়া আইন বলৱৎকৰণ, শিশু সুৰক্ষা সংস্থা বা বিশ্বাসী সুৰক্ষা অংশীদাৰসকলে আমি শিশু এগৰাকীক সুৰক্ষিত অৱস্থালৈ ঘূৰাই অনাৰ স্পষ্ট উদ্দেশ্যৰ বাবে সমলটো মঞ্চত ৰাখি থ’বলৈ অনুৰোধ কৰে
নিম্নোল্লিখিত সমলৰ বাবে আমি এক সংবেদনশীলতা স্ক্ৰীন অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো কিছুমান লোকৰ বাবে উদ্বেগপূৰ্ণ হ’ব পাৰে:
  • ধৰ্মীয় ৰীতি-নীতিৰ পৰিপ্ৰেক্ষিতত শিশু এগৰাকীক হিংসাত্মকভাৱে পানীত ডুবোৱাৰ ভিডিঅ’ বা ফটো
নিম্নোল্লিখিত সামূহিক মান্যতাসমূহৰ বাবে আমাক এয়া বলৱৎ কৰিবলৈ অতিৰিক্ত তথ্য আৰু/বা প্ৰসংগৰ প্ৰয়োজন:
নিম্নোল্লিখিত সমলৰ বাবে, আমি এখন সতৰ্কবাণীৰ লেবেল অন্তৰ্ভুক্ত কৰোঁ যাতে লোকসকল অৱগত হয় যে সমলটো সংবেদনশীল হ’ব পাৰে:
  • কোনো বাতৰিৰ সংস্থাই দুৰ্ভিক্ষ, গণহত্যা, যুদ্ধ অপৰাধ বা মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সন্দৰ্ভত শিশুৰ নগ্নতা দেখুওৱা ছবি প’ষ্ট কৰা, যদিহে তাত নিয়ম উলংঘনকাৰী শিৰোনাম ৰখা নহয় বা সেইখন উলংঘনৰ প্ৰসংগত ভাগ বতৰা কৰা নহয়, অন্যথা সেই সমলটো আঁতৰোৱা হ’ব
সংবাদ মিডিয়াৰ অংশীদাৰ, বেচৰকাৰী সংগঠন বা অন্যান্য বিশ্বস্ত সুৰক্ষা অংশীদাৰে অভিযোগ দিলে আমি যৌনতাবিহীন শিশু নিৰ্যাতনৰ পিছত দেখুওৱা ছবি আঁতৰাব পাৰোঁ।
আমি নাম বা ছবিৰ বাহিৰেও অন্য উপায়ৰ জৰিয়তে শিশুৰ যৌন শোষণৰ বলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱা লোকসকলক চিনাক্ত কৰা সমল আঁতৰাব পাৰোঁ, যদিহে সমলত ব্যক্তিজনৰ চিনাক্তকৰণৰ সম্ভাৱনা থকা তথ্য অন্তৰ্ভুক্ত কৰা হয়।
যেতিয়া আইন বলৱৎকৰণ, চৰকাৰ, বিশ্বাসী অংশীদাৰে অনুৰোধ কৰে বা সমলখিনি নাবালকে নিজেই বা নাবালকৰ পিতৃ-মাতৃ/আইনী অভিভাৱকে অভিযোগ দিয়ে, আমি ব্যক্তিগত নাবালকক চিনাক্ত কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা সমল আঁতৰাব পাৰোঁ যদিহে নাবালকগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ বিপদ থাকে
ব্যৱহাৰকাৰীৰ অভিজ্ঞতাসমূহ
Facebook-ত লোকসকলে বলৱৎকৰণ কেনে দেখে তাৰ কেইটামান উদাহৰণ চাওক, যেনে: আপুনি Facebook-ত থাকিব নালাগে বুলি ভবা কিবা সমলৰ অভিযোগ কৰিলে, আপুনি আমাৰ সামূহিক মান্যতাসমূহ উলংঘন কৰিছে বুলি ক’লে আৰু কিছুমান সমলৰ ওপৰত সকীয়নি স্ক্ৰীণ দেখিলে সেয়া কেনেকুৱা দেখি।
টোকা: আমি সদায় উন্নত কৰি আছোঁ, গতিকে আপুনি ইয়াত যি দেখা পায় সেয়া আমি বৰ্তমান যি ব্যৱহাৰ কৰি আছোঁ তাৰ তুলনাত অলপ পুৰণি হ’ব পাৰে।
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগকৰণ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগ দিয়াৰ পাছত কৰা যোগাযোগ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
টেকডাউনৰ অভিজ্ঞতা
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
সকীয়নি স্ক্ৰীণ
ডাটা
সামূহিক মান্যতাসমূহ বলৱৎকৰণৰ শেহতীয়া প্ৰতিবেদন চাওক
বলৱৎকৰণ
Facebook-ত আমাৰ সমগ্ৰ বিশ্বত সকলোৰে বাবে একেই নীতি আছে।
পুনৰীক্ষণ দল
15,000-তকৈও অধিক পৰ্যালোচকেৰে গঠিত আমাৰ গোলকীয় দলটোৱে Facebook-ত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় কাম কৰে।
ষ্টেকহ’ল্ডাৰৰ লিপ্ততা
বাহিৰৰ বিশেষজ্ঞ, শিক্ষাবিদ, এনজিঅ’ আৰু নীতি নিৰ্মাতাই Facebook-ৰ সামূহিক মান্যতাসমূহৰ বিষয়ে জনোৱাত সহায় কৰে।
শিশুৰ যৌন শোষণ, অপব্যৱহাৰ আৰু নগ্নতাৰ ক্ষেত্ৰত সহায় লওক
Facebook-ত আমাৰ সামূহিক মান্যতাসমূহৰ বিৰুদ্ধে যোৱা কিবা এটা দেখিলে আপুনি কি কৰিব পাৰে জানি লওক।
আমাৰ সহায় কেন্দ্ৰ চাওক